Assam State School Education Bord (ASSEB) Class - 10 General Mathematics Chapter 3: Pair of Linear Equations in Two Variables (দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ ) Solutions in Assamese Medium.
![]() |
| Class 10 Exercise 3.1 in Assamese Medium |
- Exercise 3.1
- Exercise 3.2
- Exercise 3.3
- Exercise 3.4
- Exercise 3.5
- Exercise 3.6
- Exercise 3.7
Pair of Linear Equations Two Variables
দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ (তৃতীয় অধ্যায় ) অনুশীলনী 3.1 (Exercise 3.1) দশম শ্ৰেণী সাধাৰণ গণিত | ইয়াত আমি এই অনুশীলনীৰ সমস্যাবোৰ অতি সহজতে সমাধান কৰিবলৈ যত্ন কৰিছো |
দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ
SEBA or Assam State School Education Bord (ASSEB) NCERT textbook solutions for class 10 math’s chapter 3 Pair of Linear Equations in Two Variables
SEBA Board Class 10 Maths Textbook Solution
Pair of Linear Equations in Two Variables
দুটা চলকত ৰৈখিক সমীকৰণৰ যাৰ
Exercise 3.1 (অনুশীলনী 3.1)
1. ৰহিমে জীযেকক ক’লে সাত বছৰৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বসৰ সাতগুণ আছিল । আকৈ আজিৰ পৰা তিনি বছৰ পিছত তুমি যিমান ডাঙৰ হ’বা । মই তাৰ তিনিগুণ হম। (এইটো আমোদজনক নহয়নে ?) পৰিস্হিতিটোক বীজীয়ভাবে আৰু জ্যামিতিকভাৱে (লৈখিকভাৱে) প্ৰৰ্দশন কৰা ।
সমাধান:
ধৰোঁ,
ৰহিমৰ বৰ্তমান বয়স = x বয়স
ৰহিমৰ জীয়কৰ বৰ্তমান বয়স = y বয়স
প্ৰশ্নমতে,
⇒ x – 7 = 7 (y - 7)
⇒ x - 7 = 7y – 49
⇒ x – 7y – 7 + 49 = 0
⇒ x – 7y + 42 = 0 ……… (i)
আকৈ,
x + 3 = 3(y + 3)
⇒ x +3 = 3y + 9
⇒ x – 3y + 3 – 9 = 0
⇒ x – 3y – 6 = 0..……(ii)
উক্ত পৰিস্হিতিটো বীজীয়ভাৱে প্ৰৰ্দশন হব x – 7y + 42 = 0 আৰু x – 3y – 6 =0
(i) পৰা – 7y = - 42 – x
⇒ -7y = - (42 + x)
⇒ 7y = 42 + x

তালিকা: (i)

(ii) ৰ পৰা
-3y = - x + 6
⇒ - 3y = - (x -6)
⇒ 3y = x – 6

তালিকা: (ii)

অংকণ প্ৰণালী:
ধৰোঁ, XOX’ আৰু YOY’ ক্ৰমে x অক্ষ আৰু y অক্ষ দুডালে পৰস্পৰ o বিন্দুত লম্বভাৱে ছেদ কৰিছে এতিয়া লেখ কাগজৰ প্ৰতিটো বিন্দুৰ ক্ষুদ্ৰতম বৰ্গক্ষেত্ৰৰ এটা ঘৰক 1 একক হিচাপত ধৰি 1 নং সমীকৰণৰ তালিকাৰ পৰা পোৱা, A(0,6) আৰু B (7,7) বিন্দুকেইটা লেখ কাগজত সংস্হাপন কৰি বিন্দুকেইটাৰ মাজেদি যোৱাকৈ AB লেখ ডাল পোৱা গ’ল । ঠিক সেইদৰে একে অক্ষ আৰু একে একক ব্যৱহাৰ কৰি 2 নং সমীকৰণৰ তালিকাৰ পোৱা C (0, -2) আৰু D(6,0) বিন্দুকেইটা একেখন লেখ কাগজত সংস্হাপন কৰি বিন্দুকেইটাৰ মাজেদি যোৱাকৈ CD লেখডাল পোৱা গ’ল ।
2. এটা ক্ৰিকেট প্ৰশিক্ষকে 3 খন বেট আৰু 6 টা বল কিনে 3900 টকাত । পিছত তেওঁ 1300 টকাত একেধৰণৰ এখন বেট আৰু 3টা বল কিনে । এই পৰিস্হিতিটোক বীজীয় আৰু লৈখিক ভাৱে জ্যেমিতিকভাৱে বৰ্ণনা কৰা।
C সমাধান:
ধৰোঁ,
এখন বেটৰ দাম = x টকা
এটা বলৰ দাম = y টকা
প্ৰশ্নমতে,
3x + 6y = 3900
⇒ 3 (x + 2y) = 3900

⇒ x + 2y = 1300……. (i)
আৰু x + 3y = 1300………….. (ii)
উক্ত পৰিস্হিতিটো বীজীয়ভাবে প্ৰৰ্দশন হব
x + 2y = 1300 আৰু x + 3y = 1300
সমীকৰণ নং (i) পৰা
2y= 1300 – x

তালিকা: (i)

সমীকৰণ নং (ii) পৰা
3y = 1300 – x


অংকণ প্ৰণালী:
ধৰোঁ, xox’ আৰু yoy’ ক্ৰমে -x আৰু -y অক্ষ দুডালে পৰস্পৰ o বিন্দুত লমেবভাৱে ছেদ কৰিছে এতিয়া লেখ কাগজৰ প্ৰতিটো বিন্দুৰ ক্ষুদ্ৰতম বৰ্গক্ষেত্ৰৰ এটা ঘৰক 100 একক হিচাপত ধৰি (i) নং সমীকৰণৰ তালিকাৰ পৰা পোৱা, A(300,500) আৰু B (100,600) বিন্দুকেইটা লেখ কাগজত সংস্হাপন কৰি বিন্দুকেইটাৰ মাজেদি যোৱাকৈ AB লেখ ডাল পোৱা গ’ল । ঠিক সেইদৰে একে অক্ষ আৰু একে একক ব্যৱহাৰ কৰি (ii) নং সমীকৰণৰ তালিকাৰ পোৱা C (400,300) আৰু D(100,400) বিন্দুকেইটা একেখন লেখ কাগজত সংস্হাপন কৰি বিন্দুকেইটাৰ মাজেদি যোৱাকৈ CD লেখডাল পোৱা গ’ল ।
3. দুই কে.জি. আপেল আৰু 1 কে.জি. আঙুৰৰ দাম এদিন আছিল 160 টকা 1 এমাহৰ পিছত 4 কে.জি. আপেল আৰু 2 কে.জি.আঙুৰৰ দাম হল 300 টকা । এই পৰিস্হিটোক বীজীয়ভাৱে আৰু জ্যামিতিক ভাৱে বৰ্ণনা কৰা।
সমাধান:
ধৰোঁ,
1 কে.জি. আপেলৰ দাম = x টকা
1 কে.জি. আঙুৰৰ দাম = y টকা
প্ৰশ্নমতে, 2x + y = 160 … .. . . .. (i)
আৰু 4x + 2y = 300 ……….. (ii)
∴ দিয়া পৰিস্হিতিটোক বীজীয়ভাৱে প্ৰৰ্দশন কৰিলে
হব
2x + y = 160 আৰু 4x + 2y = 300
(i) ৰ পৰা,
y = 160 – 2x
তালিকা: (i)

(ii) ৰ পৰা,
2y = 300 – 4x

তালিকা: (ii)

অংকণ প্ৰণালী:
ধৰোঁ, xox’ আৰু yoy’ ক্ৰমে -x আৰু -y অক্ষ দুডালে পৰস্পৰ o বিন্দুত লমেবভাৱে ছেদ কৰিছে এতিয়া লেখ কাগজৰ প্ৰতিটো বিন্দুৰ ক্ষুদ্ৰতম বৰ্গক্ষেত্ৰৰ এটা ঘৰক 5 একক হিচাপত ধৰি (i) নং সমীকৰণৰ তালিকাৰ পৰা পোৱা, A(50,60) আৰু B (30,100) বিন্দুকেইটা লেখ কাগজত সংস্হাপন কৰি বিন্দুকেইটাৰ মাজেদি যোৱাকৈABলেখ ডাল পোৱা গ’ল । ঠিক সেইদৰে একে অক্ষ আৰু একে একক ব্যৱহাৰ কৰি (ii) নং সমীকৰণৰ তালিকাৰ পোৱা C (50,50) আৰু D(70,10) বিন্দুকেইটা একেখন লেখ কাগজত সংস্হাপন কৰি বিন্দুকেইটাৰ
মাজেদি যোৱাকৈ CD লেখডাল পোৱা গ’ল ।
Published by Biswajit Das, B.Sc B.Ed
Read More...
- Exercise 3.1
- Exercise 3.2
- Exercise 3.3
- Exercise 3.4
- Exercise 3.5
- Exercise 3.6
- Exercise 3.7
