Class 10 Science Chapter 1- ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Question Answer in Assamese

GENERAL SCIENCE

CLASS - X (ASSEB - I)


ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ


 

আমাৰ দৈনন্দিন জীৱনত আমি অনেক পৰিৱৰ্তন দেখা পাওঁযেনে গাখীৰ ফাটি যোৱা, লোত মামৰে ধৰা বা আমি লোৱা উশাহ-নিশাহ এই সকলোবোৰৰ আঁৰত আছে ৰাসায়নিক বিক্ৰিয়া। এই অধ্যায়টোত আমি শিকিব পাৰোঁ যে কেনেকৈ এটা পদাৰ্থৰ ৰাসায়নিক প্ৰকৃতি সম্পূৰ্ণৰূপে সলনি হৈ নতুন পদাৰ্থৰ সৃষ্টি হয়  ইয়াত পদাৰ্থৰ অৱস্থা, ৰং আৰু উষ্ণতাৰ পৰিৱৰ্তনৰ জৰিয়তে বিক্ৰিয়া কেনেকৈ চিনাক্ত কৰিব পাৰি, সেই বিষয়ে বিতংভাৱে দিয়া আছে 

 

HSLC পৰীক্ষাত বিজ্ঞানৰ বিষয়ত ভাল নম্বৰ পাবলৈ হলে এই অধ্যায়টোত দখল থকাটো অতি জৰুৰী। সাধাৰণতে এই অধ্যায়টোৰ পৰা ৫ ৰ পৰা ৬ নম্বৰৰ প্ৰশ্ন আহে। যদি তুমি বিক্ৰিয়াবোৰৰ সমীকৰণসমূহ শুদ্ধকৈ লিখিব পাৰা, তেন্তে ইয়াত সম্পূৰ্ণ নম্বৰ পোৱাটো অতি সহজ।

পৰীক্ষাৰ বাবে মোৰ পৰামৰ্শ হপ্ৰতিটো বিক্ৰিয়াৰ সংজ্ঞা পঢ়াৰ লগতে তাৰ ৰাসায়নিক সমীকৰণটো (Chemical Equation) লিখি অনুশীলন কৰিবা কাৰণ বিজ্ঞানে কেৱল ভাষা নিবিচাৰে, সঠিক সমীকৰণহে বিচাৰে।

 

 

১. ৰাসায়নিক বিক্ৰিয়াৰ চিনাক্তকৰণ

যেতিয়া কোনো পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে, তেতিয়া তাক ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় এটা ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে নাই, তাক তলৰ পৰ্যবেক্ষণবোৰৰ দ্বাৰা জানিব পাৰি:

·         অৱস্থাৰ পৰিৱৰ্তন 

·         ৰঙৰ পৰিৱৰ্তন 

·         গেছৰ উৎপত্তি 

·         উষ্ণতাৰ পৰিৱৰ্তন 

 

২. ৰাসায়নিক সমীকৰণ আৰু ইয়াৰ সন্তুলন

ৰাসায়নিক বিক্ৰিয়া এটাক সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈ ৰাসায়নিক সংকেত ব্যৱহাৰ কৰা হয় 

বিক্ৰিয়ক: যিবোৰ পদাৰ্থই বিক্ৰিয়াত অংশগ্ৰহণ কৰে

বিক্ৰিয়াজাত পদাৰ্থ: বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা নতুন পদাৰ্থ 

ভৰৰ নিত্যতা সূত্ৰ: ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে  সেয়েহে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ পৰমাণুৰ সংখ্যা সমান হ'ব লাগে  ইয়াক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে 

 

৩. ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ

অধ্যায়টোত বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হৈছে:

(ক) সংযোজন বিক্ৰিয়া (Combination Reaction)

যি বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে, তাক সংযোজন বিক্ৰিয়া বোলে 

উদাহৰণ: কেলছিয়াম অক্সাইড (পোৰা চুণ) আৰু পানীৰ বিক্ৰিয়াত কেলছিয়াম হাইড্ৰ'ক্সাইড (শিথিলিত চুণ) উৎপন্ন হোৱা 

 

(খ) বিযোজন বিক্ৰিয়া (Decomposition Reaction)

যি বিক্ৰিয়াত এটা বিক্ৰিয়ক ভাঙি একাধিক সৰল পদাৰ্থ উৎপন্ন হয়, তাক বিযোজন বিক্ৰিয়া বোলে 

তাপীয় বিযোজন: তাপ প্ৰয়োগ কৰি ঘটোৱা বিযোজন  যেনে: চুণশিলৰ পৰা পোৰা চুণ প্ৰস্তুত কৰা 

বিদ্যুৎ বিশ্লেষণ: পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰি হাইড্ৰ'জেন আৰু অক্সিজেন গেছ উৎপন্ন কৰা 

আলোক বিযোজন: সূৰ্যৰ পোহৰত ছিলভাৰ ক্ল'ৰাইড মটীয়া ৰঙৰ ছিলভাৰ ধাতুলৈ পৰিৱৰ্তিত হোৱা 

 

(গ) অপসৰণ বিক্ৰিয়া (Displacement Reaction)

যি বিক্ৰিয়াত এটা বেছি সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে 

উদাহৰণ: কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ডুবালে আইৰনে কপাৰক অপসাৰিত কৰি আইৰন ছালফেট উৎপন্ন কৰে

 

 (ঘ) দ্বিঅপসৰণ বিক্ৰিয়া (Double Displacement Reaction)

যি বিক্ৰিয়াত বিক্ৰিয়ক দুটাৰ মাজত আয়নৰ বিনিময় ঘটে ইয়াত প্ৰায়ে এটা অদ্ৰাব্য অধঃক্ষেপ উৎপন্ন হয় 

 

(ঙ) জাৰণ আৰু বিজাৰণ (Redox Reaction)

জাৰণ: বিক্ৰিয়াত পদাৰ্থই অক্সিজেন লাভ কৰা বা হাইড্ৰ'জেন হেৰুওৱা 

বিজাৰণ: পদাৰ্থই অক্সিজেন হেৰুওৱা বা হাইড্ৰ'জেন লাভ কৰা 

যি বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ একেলগে ঘটে, তাক ৰেডক্স বিক্ৰিয়া বোলে 

 

৪. তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া

তাপবৰ্জী বিক্ৰিয়া: যিবোৰ বিক্ৰিয়াত তাপৰ উদ্ভৱ হয় (যেনে: শ্বসন, প্ৰাকৃতিক গেছৰ দহন) 

তাপগ্ৰাহী বিক্ৰিয়া: যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় 

 

৫. দৈনন্দিন জীৱনত জাৰণৰ প্ৰভাৱ

ক্ষয়ীভৱন (Corrosion): জলীয় বাষ্প বা এছিডৰ আক্ৰমণত ধাতুৰ ক্ষয় হোৱা (যেনে: লোত মামৰে ধৰা) 

দুৰ্গন্ধিতা (Rancidity): তেল বা চৰ্বিযুক্ত খাদ্য জাৰিত হৈ সোৱাদ আৰু গোন্ধ সলনি হোৱা  ইয়াৰ পৰা বাচিবলৈ নাইট্ৰ'জেন গেছ বা প্ৰতিজাৰক ব্যৱহাৰ কৰা হয় 

 


সকলো অনুশীলনী প্ৰশ্নোত্তৰৰ বাবে ক্লিক কৰা (CLICK HERE FOR COMPLETED SOLUTION)

 

প্রশ্নাৱলীঃ

1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়?

উত্তৰঃ- মেগনেছিয়াম ফিটাৰ পৃষ্ঠ ভাগত বায়ুত থকা জলীয় বাষ্পৰ বাবে ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ গঠন হয়। এই তৰপটোৰ বাবে মেগনেছিয়াম ফিতাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়।

2. তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।

(i) হাইড্র'জেন + ক্লৰিন হাইড্র'জেন ক্লৰাইড।

উত্তৰঃ- H + CI 2HCI

(ii) বেৰিয়াম ক্ল'ৰাইড + এলুমিনিয়াম ছালফেট বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল'ৰাইড

উত্তৰঃ- BaCl + AL(SO) BasO + AICI

(iii) ডিয়াম + পানী 'ডিয়াম হাইড্র'ক্সাইড + হাইড্র'জেন।

উত্তৰঃ- 2Na + 2HO 2NaOH + H

3. তলৰ বিক্রিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

(i) বেৰিয়াম ক্ল'ৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্রস্তুত হয়।

উত্তৰঃ- BaCl + Na SO BaSO + 2NaC

(ii) 'ডিয়াম হাইড্রটক্সইডৰ দ্ৰৱ (পানীত) হাইড্রক্ল'ৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্রিয়া কৰি ছ'ডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ- NaOH + HCI NaCl + HO

 

প্রশ্নাৱলীঃ

1. এটা পদাৰ্থ 'X' ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ  (White Washing) ব্যৱহাৰ কৰা হয়। 

(i) পদাৰ্থ 'X' ৰ নাম আৰু সংকেত লিখা।

উত্তৰঃ- পদাৰ্থ 'X' নাম হল পোৰা চূণ।

(ii) পানীৰে সৈতে পদার্থ 'X' এ কৰা বিক্রিয়াটো লিখা।

উত্তৰঃ- পানীৰ সৈতে পদাৰ্থ 'X' এ কৰা বিক্ৰিয়াটো হ'

                       CaO + HO Ca(OH) (পোৰা চুণ)

2. কার্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্রহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্রহ কৰা গেছৰ পৰিমানৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা।

উত্তৰঃ- যেতিয়া হাইড্ৰজেন আৰু অক্সিজেন 2:1 অনুপাতত মিলিত হয় তেতিয়া পানী উৎপন্ন হয়। অর্থাৎ, পানীৰ অণুত দুটা হাইড্ৰজেন পৰমাণুৰ লগত এটা অক্সিজেন পৰমাণু সংযুক্ত আছে, সেইবাবে পানীৰ সংকেত, HO প্রথম গেছটো হাইড্ৰজেন আৰু দ্বিতীয় গেছটো অক্সিজেন।

 

প্রশ্নাৱলীঃ

1. লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবর্তন ঘটে কিয়?

উত্তৰঃ- লো কপাৰতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল এটা ডুবাই দিলে লোৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰে। ফলত কপাৰ ছালফেট দ্ৰৱৰ গাঢ়তা কমি যায় আৰু কপাৰ ছালফেট দ্ৰৱৰ নীলা বৰণ শেতা হৈ পৰে আৰু লোৰ গজাল তাম বৰণৰ হয়।

2. কার্যকলাপ 1.10 ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বি-অপসৰন বিক্রিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ- ছিলভাৰ নাইট্ৰজেন জলীয় দ্ৰৱই ছ'ডিয়াম ক্লৰাইড দ্ৰৱৰ লগত বিক্ৰিয়া কৰি ছিলভাৰ ক্লৰাইডৰ বগা অধঃক্ষেপ আৰু ছ'ডিয়াম নাইট্ৰেট দ্ৰৱ উৎপন্ন হয়।

            AgNo3(aq) + NaCl(aq) à AgCl(s) + NaNo3(aq)

3. তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা। 

(i) 4Na(s) + O(g) 2NaO(s)

উত্তৰঃ- এই বিক্ৰিয়াটোত Na জাৰিত হৈছে অৰ্থাৎ ছডিয়াম ক্লৰাইড উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।

(ii) CuO(s) + H(g) Cu(s) + HO(I) 

উত্তৰঃ- H জাৰিত হৈ পানী উৎপন্ন হৈছে আৰু CuO বিজাৰিত হৈ Cu উৎপন্ন হৈছে।

অনুশীলনী

1. তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?

         2PbO(s) + C(s) 2Pb(s) + CO(g)

(a) লেড বিজাৰিত হৈছে।

(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।

(c) কার্বন জাৰিত হৈছে।

(d) লেড অক্সাইড বিজাৰিত হৈছে।

        (i) (a) আৰু (b)

        (ii) (a) আৰু (c) 

       (iii) (a), (b) আৰু (c)

       (iv) সকলো

উত্তৰঃ- (a) আৰু (b)

2.  FeO + 2AI AI2O3 + 2Fe

    ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ

(a) এটা সংযোজন বিক্রিয়াৰ

(b) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ

(c) এটা বিযোজন বিক্রিয়াৰ

(d) এটা অপসৰণ বিক্রিয়াৰ

উত্তৰঃ- (d) এটা অপসৰণ বিক্রিয়াৰ।

3. কি ঘটে যেতিয়া লঘু হাইড্র'ক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া।

(a) হাইড্র'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।

(b) ক্ল'ৰি গেছ আৰু আইৰন হাইড্র'ক্সাইড উৎপন্ন হয়।

(c) বিক্রিয়া নঘটে।

(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।

উত্তৰঃ- (a) হাইড্র'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।

4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?

উত্তৰঃ- যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

  H2 + Cl2  2HCl

  2H + O 2H O

            ভৰৰ নিত্যতাবিধি অনুযায়ী ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি নাইবা ধ্বংস নহয়। সেয়েহে বিক্ৰিয়াসমূহত বিক্ৰিয়াৰ আগত বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্ৰিয়াৰ পিছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান হব লাগিব। গতিকে ৰাসায়নিক সমীকৰণসমূহ সন্তোলিত কৰিব লাগে।

5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।   

(a) হাইড্র'জেন গেছে নাইট্র'জেনৰে সৈতে লগ হৈ এম'নিয়া প্রস্তুত কৰে।

উত্তৰঃ- জঁকা ৰাসায়নিক সমীকৰণ

   H2 + N2 →  NH3

 সন্তুলিত ৰাসায়নিক সমীকৰণ

    3H(g) + H(g) 2NH(g)

(b) হাইড্র'জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।

উত্তৰঃ- জঁকা ৰাসায়নিক সমীকৰণ

         H2S + O2  H2o + So2

            সন্তুলিত ৰাসায়নিক সমীকৰণ

        2HS(g) + 3O(g) 2HO (l) + 2SO(g)

(c) বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।

উত্তৰঃ- জঁকা ৰাসায়নিক সমীকৰণ

          BaCl2 + Al2(So4)3 → AlCl3 + BaSo4

            সন্তুলিত ৰাসায়নিক সমীকৰণ

        3BaCl(aq) + Al(SO)(aq) 2AICI(aq) + 3BaSO(S)

(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে।

উত্তৰঃ- জঁকা ৰাসায়নিক সমীকৰণ

         K + H2O  KOH + H2

            সন্তুলিত ৰাসায়নিক সমীকৰণ

        2K(s) + 2HO(l) 2KOH + H(g)

6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা।

(a) HNO3 + Ca (OH)2 → Ca (NO3)2 + H2O

উত্তৰঃ- 2HNO (aq) + Ca(OH) (aq) Ca(NO) (aq) + 2H O(l) 

(b) NaOH + HSO NaSO + HO

উত্তৰঃ- 2NaOH (aq) + HSO (aq) Na SO (aq) + 2HO (aq)

(c) NaCl + AgNO AgCl + NaNO₃ 

উত্তৰঃ- NaCl (aq) + AgNO (aq) AgCl (S) + NaNO (aq)

(d) BaCl + HSO BaSO + HCI

উত্তৰঃ- BaCl (aq) + HSO (aq) BaSO (S) + 2HCl (aq)

7. তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।

(a) কেলছিয়াম হাইড্রক্সাইড + কার্বন-ডাই-অক্সাইড → কেলছিয়াম কার্বনেট + পানী।

উত্তৰঃ- Ca(OH) (aq) + CO (g) CaCO (s) + HO (l) 

(b) যিংক + ছিলভাৰ নাইট্রেট যিংক নাইট্রেট + ছিলভাৰ।

উত্তৰঃ- Zn (s) + 2AgNO (aq) Zn (NO) (aq) + 2Ag (S)

(c) এলুমিনিয়াম + কপাৰ ক্ল'ৰাইড এলুমিনিয়াম ক্লৰাইড + কপাৰ।

উত্তৰঃ- 2Al (s) + 3CuCI (aq) 2AICI (aq) + 3Cu (S)

(d) বেৰিয়াম ক্ল'ৰাইড + পটেছিয়াম ছালফেট বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল'ৰাইড।

উত্তৰঃ- BaCl (aq) + KSO (aq) BaSO (S) + 2KCI (aq)

৪. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত কৰা।

(a) পটেছিয়াম ব্রমাইড (aq) + বেৰিয়াম আয়'ডাইড (aq) → পটেছিয়াম আয়'ডাইড (aq) + বেৰিয়াম ব্ৰমাইড (s)

উত্তৰঃ2KBr (aq) + Bal₂ (aq) → 2KI (aq) + BaBr₂ (S)

     ই এটা দ্বি-অপসৰণ বিক্ৰিয়া।

(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g)

উত্তৰঃZnCO₃(s) → ZnO(S) + CO₂(g)

            ই এটা বিয়োজন বিক্ৰিয়া।

(c) হাইড্রজেন (g) + ক্লৰিন (g) → হাইড্রজেন ক্ল'ৰাইড(g)

উত্তৰঃH₂(g) + Cl₂(g) → 2HCl(g)

            ই এটা সংযোজন বিক্ৰিয়া।

(d) মেগনেছিয়াম (s) + হাইড্রক্ল'ৰিক এছিড (aq) → মেগনেছিয়াম ক্ল'ৰাইড (aq) + হাইড্রজেন (g)

উত্তৰঃ- Mg(s) + 2HCl (aq) → MgCI₂ (aq) + H₂ (g)

           ই এটা অপসৰণ বিক্ৰিয়া।

 9. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

উত্তৰঃ- যি ৰাসায়নিক বিক্ৰিয়াত তাপ উৎপন্ন বা বৰ্জন হয় তাক তাপবৰ্জী বিক্ৰিয়া বোলে।

          উদাহৰণস্বৰূপে, মিথেন (প্ৰাকৃতিক গেছ) বায়ুত (অক্সিজেন) উপস্থিতিত জ্বলি CO2 আৰু H2O উৎপন্ন কৰাৰ লগতে যথেষ্ট পৰিমাণৰ তাপ শক্তি উৎপন্ন কৰে।

     CH4 (g) + 2O2 (g)  CO2 + 2H2O + তাপশক্তি 

            যি বিক্ৰিয়াত তাপ শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।

            উদাহৰণস্বৰূপে, N2 বায়ুৰ O2 ৰ সৈতে অতিকৈ উচ্চ উষ্ণতাত (3,000oc) বিক্ৰিয়া সংঘটিত কৰি নাইট্ৰিক অক্সাইড(NO) উৎপন্ন কৰোতে প্ৰচুৰ পৰিমাণে তাপ শোষণ কৰে।

            N₂ (g) + O₂ (g)

10. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা।

উত্তৰঃশ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কোষস্থ খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণৰ তাপ শক্তিৰ উৎপন্ন হয়। সেইবাবে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়।

       C₆H₁₂O₆ (aq) + 6O₂ (g)  6CO₂ (g) + 6H₂O₂(l) + 2820(kJ)

11. বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা।

উত্তৰঃসংযোজন বিক্ৰিয়াত দুটা বা তাতোকৈ পদাৰ্থ (মৌল বা যৌগ) মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে। আনহাতে, বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থৰ বাবে যৌগ বিযোজিত হৈ দুই বা তাতোধিক পদাৰ্থ উৎপন্ন হয়। সেইবাবে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।

            তলত প্ৰতিবিধৰ উদাহৰণ দিয়া হ

সংযোজন বিক্ৰিয়া

       2H₂ (g) + O₂ (g)  2H₂O (l)

                   2Mg (s) + O₂ (g)  2MgO (s)

                   Fe (g) + S (s) → FeS (s)

বিযোজন বিক্ৰিয়া

                 2H₂O(l)  2H₂ (s) + O₂ (q)

                CaCO₂ (s)  CaO (s) + CO₂ (g)

12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা।

উত্তৰঃতাপ শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ

        CaCO₂(s) ––তাম→ CaO(s) + CO₂(g)

            পোহৰ শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ

        2AgBr  –––সূর্যৰশ্মি→ 2Ag + Br₂(g)

            বিদ্যুত শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ সমীকৰণ

         2H₂O(l) –––বিদ্যুৎশক্তি→ 2H₂(g) + O₂(g)

13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্রিয়াৰ মাজত পার্থক্য কি? এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা।

উত্তৰঃঅপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য হ

            অপসৰণ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে।

            উদাহৰণ

             (i) CuSO₄ + Zn → ZnSO₄ + Cu

            (ii) CuSO₄ + Fe ⟶ FeSO₄ + Cu

            দ্বি-অপসৰণ বিক্ৰিয়াত দুটা আয়নীয় যৌগৰ জলীয় দ্ৰৱই বিক্ৰিয়াত অংশ গ্ৰহণ কৰি সিহঁতৰ মাজত পৰস্পৰৰ আয়ন বিনিময় কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে।

        উদাহৰণ

        (i) AgNO₃ + NaCl → AgCl + NaNO₃

        (ii) AgNO₃ + CuCl₂ → AgCl + Cu(NO₃)₂

14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্রিয়াটো লিখা।

উত্তৰঃCu(s) + 2AgNO₃ → Cu(NO₃) (aq) + 2Ag(S)

15. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰঃ- যি ৰাসায়নিক বিক্ৰিয়াত অধঃক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপ বিক্ৰিয়া বোলে।

        উদাহৰণ

            (i) ছিলভাৰ নাইট্ৰেটৰ এটা জলীয় দ্ৰৱই ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱৰ লগত বিক্ৰিয়া কৰিলে ছিলভাৰ ক্লৰাইডৰ এটা বগা অধঃক্ষেপ আৰু ছ'ডিয়াম নাইট্ৰেটৰ দ্ৰৱ উৎপন্ন হয়।

        AgNO₃ (aq) + NaCl (aq) ⟶ AgCl(s) + NaNO₃ (aq)

            (ii) 'পাৰ ছালফেটৰ জলীয় দ্ৰৱৰ মাজেৰে হাইড্ৰ'জেন ছালফাইড গেছ যাব দিলে ক'পাৰ ছালফাইডৰ এটা কলা অধঃক্ষেপ আৰু হাইড্ৰ'জেন ছালফেটৰ দ্ৰৱ উৎপন্ন হয়।       

        CuSO₄ (aq) + H₂S(g) ⟶ CuS(s) + H₂SO₄ (aq)

16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।

    (a) জাৰণ।                   

    (b) বিজাৰণ।

উত্তৰঃ- জাৰণঃ- যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাকে জাৰণ বিক্ৰিয়া বোলে।

        যেনে

        (i) বায়ুৰ উপস্থিতিত কাৰ্বন জ্বলালে কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয়।

        C(g) + O₂(g) ⟶ CO₂(g)

        (ii) অক্সিজেনৰ উপস্থিতিত মেগনেছিয়াম ফিতা জ্বলালে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়।

        2Mg(s) + O₂(g) → 2MgO(s)

        বিজাৰণঃ- যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন হেৰুৱায় তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে।

        যেনে     

         (i) CuO(s) + H₂(g) → Cu(s) + H₂O(l)

        ইয়াত CuO ৰ পৰা অক্সিজেন অপসাৰিত হৈছে।

         (ii) ZnO(s) + C(s) ⟶ Zn(s) + CO(g)

        ইয়াত ZnOৰ পৰা অক্সিজেন অপসাৰিত হৈছে।

17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল 'X' ক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল 'X' আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা।

উত্তৰঃউজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ৰ নাম হল কপাৰ (Cu) আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম হল কপাৰ অক্সাইড (CuO).

      2Cu(s) + O₂(g) ⟶ 2CuO(s)

        ‘X’ মৌল কলা ৰঙৰ যৌগ।

18. লোৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয়?

উত্তৰঃ- বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে। ইহঁতে লোৰ লগত বিক্ৰিয়া কৰি ফেৰাছ ফেৰিক অক্সাইড উৎপন্ন কৰে। যাক আমি মামৰ বুলি কওঁ। এই মামৰে লোৰ বস্তুৰ ক্ষয়সাধন কৰে। সেইবাবে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিলে বস্তুটো মামৰে ধৰাৰ পৰা ৰক্ষা পৰে আৰু বস্তুটো ক্ষয়প্ৰাপ্ত নহয়। ফলত বস্তুটো বহুত দিনলৈ ভালে থাকে।

19. তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্র'জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়?

উত্তৰঃতেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধ হয়। নাইট্ৰ'জেন এবিধ প্ৰতিজাৰক পদাৰ্থ। সেয়েহে তেল বা চৰ্বি যুক্ত খাদ্য বস্তুবোৰ নাইট্ৰ'জেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুখিনি জাৰিত নহয়। ফলত বহু দিনলৈ ভালে থাকে।

20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।

(a) ক্ষয়ীভৱন।

উত্তৰঃধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে - জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় ঘটা প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে। যেনে - লোৰ ওপৰত ৰঙচুৱা মূগা বৰণৰ প্ৰলেপ পৰা, ছিলভাৰৰ ওপৰত কলা দাগ পৰা আদি।  

(b) চৰ্বিৰ দুৰ্গন্ধিতা।

উত্তৰঃ- তেল বা চৰ্বিযুক্ত খাদ্য দীৰ্ঘ সময়ৰ বাবে ৰাখি থলে এনে খাদ্য দ্ৰব্যত থকা তেল বা চৰ্বি বায়ুত অক্সিজেনৰ দ্বাৰা জাৰিত হৈ এইবোৰ দুৰ্গন্ধি আৰু বেয়া স্বাদযুক্ত হয়। ইয়াক চৰ্বিৰ দুৰ্গন্ধিতা বোলে। যেনে - মাখন অলপ বহুদিন সাধাৰণ উষ্ণতাত থৈ দিলে গলি যায় আৰু তাৰ পৰা দুৰ্গন্ধ নিৰ্গত হয়।


*

Post a Comment (0)
Previous Post Next Post