Class 10 Science Chapter 11 Assamese Medium – The Human Eye and the Colourful World

Class 10 Science Chapter 11 Assamese Medium

অধ্যায়-১১ : মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

সকলো ছাত্ৰ-ছাত্ৰীক Sikshalens.in লৈ স্ৱাগতম। ইয়াত আমি আলোচনা কৰিম ASSEB/SEBA Class 10 Science Chapter 11 Assamese Medium Question Answer (মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী class 10 question answer) আৰু এইবোৰ SEBA Class 10 Science Chapter 11 Question Answer in Assamese Medium প্ৰশ্নোত্তৰ SEBA/ASSEB Class 10 Science Chapter 11 Question Answer in Assamese Notes অৰ্থাৎ SEBA Assamese Medium Class 10 Science Chapter 11 Exam 2025 ৰ বাবে অতিকৈ দৰকাৰি।

SEBA Class 10 Science Chapter 11 Answers Assamese Medium (মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Question Answer) ৰ আহিব লগা প্ৰশ্নৰ উত্তৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Class 10 Question Answer পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে SEBA/ASSEB Class 10 Science Chapter 11 Assamese Medium Solution ত ভাল নম্বৰ পাব বুলি আশা ৰাখিলো।


মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
শ্ৰেণী (Class)দশম শ্ৰেণীৰ (X)
বিষয়বিজ্ঞান (Science)
পাঠ (Lesson)মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
অধ্যায় (Chapter)অধ্যায় 11
মাধ্যম (Medium)অসমীয়া
ৱেবছাইটৰ নামsiksalens.in

এই অধ্যায়ত আমাৰ চকুৰ গঠন, কার্যক্ৰিয়া, দৃষ্টিৰ বিভিন্ন বিকাৰ আৰু প্ৰাকৃতিকভাৱে ঘটিব পৰা পোহৰৰ বিভিন্ন পৰিঘটনা (যেনে—প্ৰতিসৰণ, বিচ্ছুৰণ, বিক্ষেপণ আদি) সম্পৰ্কে আলোচনা কৰা হৈছে। পৃথিৱীখন কিয় বাৰেবৰণীয়া দেখা যায়, আকাশখন নীলা কিয়, সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্য ৰঙা দেখা যায় কিয়—ইত্যাদি প্ৰশ্নৰ বৈজ্ঞানিক ব্যাখ্যা ইয়াত দিয়া হৈছে।

📖 পাঠ্যপুথিৰ প্ৰশ্নাৱলীৰ উত্তৰ (পৃষ্ঠা নং ১৯০)

১। চকুৰ উপযোজন ক্ষমতা কি ?

উত্তৰঃ চকুৰ লেন্ছই নিজৰ ফ’কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰি বিভিন্ন দূৰত্বত থকা বস্তুবোৰক স্পষ্টকৈ ৰেটিনাত ফ’কাছ কৰিব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা বোলে। চিলিয়াৰী পেশীৰ সংকোচন-প্রসাৰণৰ দ্বাৰা লেন্ছখনৰ বক্রতা সলনি হয় আৰু ইয়াৰ ফলত ফ’কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়।


২। মায়’পিয়াগ্ৰস্ত চকু থকা মানুহ এজনে ১.২ মিটাৰতকৈ বেছি স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্ছ ব্যৱহাৰ কৰিব লাগিব ?

উত্তৰঃ অৱতল লেন্ছ (Concave lens) ব্যৱহাৰ কৰিব লাগিব। মায়’পিয়া (নিকট দৃষ্টিগ্ৰস্ততা) ৰোগত দূৰৰ বস্তুবোৰ অস্পষ্ট হয়। অৱতল লেন্ছই পোহৰৰ ৰশ্মিবোৰ ভাঙি দূৰৰ বস্তুৰ প্ৰতিবিম্ব ৰেটিনাত গঠন কৰাত সহায় কৰে।


৩। স্বাভাৱিক দৃষ্টিৰ এজন মানুহৰ বাবে দূৰ-বিন্দু আৰু নিকট-বিন্দু কি ?

উত্তৰঃ

  • নিকট-বিন্দু (Near Point): চকুৰ পৰা ন্যূনতম যি দূৰত্বত থকা বস্তুটোক স্পষ্টকৈ দেখা পোৱা যায়, তাক নিকট-বিন্দু বোলে। স্বাভাৱিক মানুহৰ বাবে এই দূৰত্ব ২৫ ছেণ্টিমিটাৰ (বা ২৫ চে.মি.)।

  • দূৰ-বিন্দু (Far Point): চকুৰে স্পষ্টকৈ দেখা পোৱা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰ-বিন্দু বোলে। স্বাভাৱিক দৃষ্টিৰ মানুহৰ বাবে দূৰ-বিন্দু অসীম (∞)।


৪। ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভোগা বিকাৰটো কি হ’ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি?

উত্তৰঃ ল’ৰাজনে ভোগা বিকাৰটো মায়’পিয়া (নিকট দৃষ্টিগ্ৰস্ততা)। এই ৰোগত দূৰৰ বস্তুবোৰ অস্পষ্ট হয়। ইয়াৰ সংশোধন উপযুক্ত ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছৰ চচমা পিন্ধি কৰিব পাৰি।


অনুশীলনীৰ প্ৰশ্নোত্তৰ

১। মানুহৰ চকুৱে লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল—

(ক) প্ৰেছবায়’পিয়া
(খ) উপযোজন ক্ষমতা
(গ) নিকট দৃষ্টিগ্ৰস্ততা
(ঘ) দূৰ দৃষ্টিগ্ৰস্ততা

উত্তৰঃ (খ) উপযোজন ক্ষমতা


২। মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান—

(ক) কৰ্ণিয়া (Cornea)
(খ) চকুৰ পতা (Iris)
(গ) চকৰ মণি (Pupil)
(ঘ) অক্ষিপট (Retina)

উত্তৰঃ (ঘ) অক্ষিপট (Retina)


৩। নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব—

(ক) ২৫ মিটাৰ
(খ) ২.৫ ছেণ্টিমিটাৰ
(গ) ২৫ ছেণ্টিমিটাৰ
(ঘ) ২.৫ মিটাৰ

উত্তৰঃ (গ) ২৫ ছেণ্টিমিটাৰ


৪। চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্ছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়?

(ক) চকুৰ মণি
(খ) অক্ষিপট
(গ) চিলিয়াৰী পেশী
(ঘ) চকুৰ পতা

উত্তৰঃ (গ) চিলিয়াৰী পেশী


৫। এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে –৫.৫ D ক্ষমতাৰ লেন্ছৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্ছৰ ক্ষমতা +১.৫ D হ’লে—

(i) দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য কিমান?
(ii) নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য কিমান?

উত্তৰঃ

(i) দূৰ দৃষ্টিগ্ৰস্ততাৰ বাবে (অৱতল লেন্ছ):
ক্ষমতাP=5.5D
f=1P=15.5=0.1818মিটাৰ0.18মিটাৰ

(ii) নিকট দৃষ্টিগ্ৰস্ততাৰ বাবে (অতল লেন্ছ):
ক্ষমতা, P=+1.5D
f=1P=11.5=0.666মিটাৰ0.67মিটাৰ


৬। নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত ৮০ ছেণ্টিমিটাৰ দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেন্ছৰ প্রকৃতি কি আৰু ক্ষমতা কিমান?

উত্তৰঃ
ইয়াত u=v=80cm
লেন্ছৰ সূত্র মতে,

1f=1v1u=1800=180f=80cm=0.8m

ক্ষমতা,

P=1f=10.8=1.25D

প্রয়োজনীয় লেন্ছঃ অৱতল লেন্ছ, ক্ষমতা = –1.25 D


৭। দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন ৰশ্মিচিত্র অংকন কৰা। দূৰ দৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু ১ মিটাৰ। এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেন্ছৰ ক্ষমতা কিমান? (স্বাভাৱিক চকুৰ নিকট বিন্দু ২৫ ছেণ্টিমিটাৰ ধৰা হ’ল)

উত্তৰঃ
দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ ৰশ্মিচিত্রত অতল লেন্ছ (Convex lens) ব্যৱহাৰ কৰা হয়, যিয়ে ২৫ চে.মি.ত থকা বস্তুৰ প্ৰতিবিম্ব ১ মিটাৰত গঠন কৰে।
ইয়াত u=25cmv=100cm

1f=1100125=1100+1251f=1+4100=3100f=1003cm=13m

ক্ষমতা,

P=1f=3D

প্রয়োজনীয় লেন্ছঃ অতল লেন্ছ, ক্ষমতা = +3 D


৮। সাধাৰণ চকুৱে এটা ২৫ ছেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়?

উত্তৰঃ চিলিয়াৰী পেশীয়ে ২৫ ছেণ্টিমিটাৰতকৈ কম দূৰত্বত থকা বস্তু লক্ষ্য কৰিবলৈ লেন্ছখনক প্রয়োজনতকৈ বেছি বেঁকা কৰিব নোৱাৰে। ফলত লেন্ছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন নহয় আৰু প্ৰতিবিম্ব ৰেটিনাৰ সলনি ৰেটিনাৰ পিছফালে গঠন হয়। সেয়েহে বস্তুটো অস্পষ্ট দেখা যায়।


৯। চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্রতিবিম্বৰ দূৰত্বৰ কি হয়?

উত্তৰঃ লক্ষ্যবস্তুৰ দূৰত্ব বঢ়ালেও প্ৰতিবিম্ব সদায় ৰেটিনাতেই গঠন হয়। চিলিয়াৰী পেশীয়ে লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য সলনি কৰি প্ৰতিবিম্ব ৰেটিনাত ৰাখিবলৈ উপযোজন কৰে। গতিকে, প্ৰতিবিম্বৰ দূৰত্বৰ কোনো পৰিৱৰ্তন নহয়।


১০। তৰাই তিৰবিৰাই কিয়?

উত্তৰঃ পৃথিৱীৰ বায়ুমণ্ডলৰ ঘনত্ব অপৰিবৰ্তনীয় নহয়; ই সদায় কম-বেছি হৈ থাকে। বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ মাজেৰে তৰাৰ পোহৰ অহাৰ সময়ত সঘনাই প্ৰতিসৰণ হয় আৰু ইয়াৰ দিশ সলনি হয়। বায়ুমণ্ডলৰ অস্থিৰতাৰ বাবে পোহৰৰ পথৰ পৰিৱৰ্তন হয়, ফলত তৰাৰ আপাত উজ্জ্বলতা সলনি হয়। এয়েই তিৰবিৰণি (Scintillation)।


১১। গ্ৰহই তিৰবিৰাই নাথাকে কিয়?

উত্তৰঃ গ্ৰহবোৰ তৰাতকৈ বহু ওচৰত থাকে আৰু ইহঁতৰ আপাত আকাৰ ডাঙৰ। গ্ৰহৰ পৃষ্ঠৰ পৰা অহা পোহৰ বহুটা বিন্দুৰ পৰা আহে আৰু সিহঁতৰ মাজৰ গড় প্ৰভাৱৰ ফলত একেলগে পোহৰ পোৱা যায়। সেয়েহে গ্ৰহবোৰত তিৰবিৰণি দেখা নাযায়।


১২। ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয়?

উত্তৰঃ ৰাতিপুৱা আৰু সন্ধিয়া সূৰ্য দিগন্তৰ ওচৰত থাকে। এই সময়ত সূৰ্যৰ পোহৰে বায়ুমণ্ডলৰ ডাঠ স্তৰ অতিক্ৰম কৰিব লাগে। চুটি তৰংগদৈৰ্ঘ্যৰ (নীলা, বেঙুনীয়া) পোহৰবোৰ বায়ুমণ্ডলীয় কণাই বেছিকৈ বিক্ষেপিত কৰে, কিন্তু দীঘল তৰংগদৈৰ্ঘ্যৰ (ৰঙা, কমলা) পোহৰ কম বিক্ষেপিত হয় আৰু সৰহভাগ আমাৰ চকুলৈ পোনে পোনে আহে। সেয়েহে ৰাতিপুৱা সূৰ্য ৰঙা দেখা যায়।


১৩। মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা দেখাৰ পৰিৱৰ্তে কলা দেখে কিয়?

উত্তৰঃ মহাকাশত বায়ুমণ্ডল নাই। পোহৰৰ বিক্ষেপণ ঘটিবলৈ বায়ু, ধূলি আদি কণাৰ প্রয়োজন। বায়ুমণ্ডল নথকাৰ বাবে সূৰ্যৰ পোহৰৰ নীলা ৰশ্মিৰ বিক্ষেপণ নঘটে আৰু আকাশত কোনো ৰং প্ৰতিফলিত নহয়। গতিকে, মহাকাশৰ পৰা আকাশ কলা দেখা যায়।


📌 গুৰুত্বপূর্ণ প্রশ্নোত্তৰ 

১। চকুৰ উপযোজন ক্ষমতা কি?
উত্তৰঃ চকুৰ লেন্ছই নিজৰ ফ’কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰি বিভিন্ন দূৰত্বৰ বস্তুক ৰেটিনাত স্পষ্টকৈ ফ’কাছ কৰিব পৰা ক্ষমতাকে উপযোজন ক্ষমতা বোলে।

২। স্বাভাৱিক দৃষ্টিৰ মানুহৰ নিকট-বিন্দু আৰু দূৰ-বিন্দু কিমান?
উত্তৰঃ নিকট-বিন্দু = ২৫ ছেণ্টিমিটাৰ, দূৰ-বিন্দু = অসীম।

৩। তৰাই তিৰবিৰায় কিয়?
উত্তৰঃ বায়ুমণ্ডলৰ অস্থিৰতাই পোহৰৰ পথ সলনি কৰাৰ বাবে তৰাৰ উজ্জ্বলতাৰ তাৰতম্য ঘটে; এই পৰিঘটনাকে তিৰবিৰণি বোলে।

৪। গ্ৰহই তিৰবিৰাই নাথাকে কিয়?
উত্তৰঃ গ্ৰহৰ আপাত আকাৰ ডাঙৰ হোৱাৰ বাবে ইয়াৰ পৃষ্ঠৰ পৰা অহা পোহৰৰ গড় প্ৰভাৱৰ ফলত তিৰবিৰণি প্ৰায় নাইকিয়া হয়।

৫। ৰাতিপুৱা সূৰ্য ৰঙা কিয়?
উত্তৰঃ দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰে বায়ুমণ্ডলৰ ডাঠ স্তৰ পাৰ হ’বলৈ যাওঁতে চুটি তৰংগদৈৰ্ঘ্যৰ পোহৰ বিক্ষেপিত হয়, কিন্তু দীঘল তৰংগদৈৰ্ঘ্যৰ (ৰঙা) পোহৰ সৰহভাগ আমালৈকে আহে।

৬। মহাকাশৰ পৰা আকাশ কলা কিয় দেখা যায়?
উত্তৰঃ মহাকাশত বায়ুমণ্ডল নথকাৰ বাবে পোহৰৰ বিক্ষেপণ নঘটে, সেয়েহে আকাশৰ কোনো ৰং প্ৰতিফলিত নহয় আৰু ই কলা দেখা যায়।

এই অধ্যায়ৰ জৰিয়তে আমি মানুহৰ চকুৰ গঠন, দৃষ্টিৰ বিভিন্ন বিকাৰ আৰু প্ৰাকৃতিক পৰিঘটনাবোৰৰ বৈজ্ঞানিক কাৰণ বুজিব পাৰিছো। চকুৰ উপযোজন ক্ষমতা, দৃষ্টিৰ বিকাৰ (মায়’পিয়া, হাইপাৰমেট্ৰ’পিয়া, প্ৰেছবায়’পিয়া), পোহৰৰ বিচ্ছুৰণ, বিক্ষেপণ, বায়ুমণ্ডলীয় প্ৰতিসৰণ আদি ধাৰণাসমূহে আমাক প্ৰকৃতিৰ বাৰেবৰণীয়া ৰূপৰ অন্তৰালৰ বিজ্ঞান বুজাত সহায় কৰিছে।

এই প্ৰশ্নোত্তৰসমূহ দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ HSLC পৰীক্ষাৰ বাবে অতি গুৰুত্বপূর্ণ। অনুশীলন কৰি নিজৰ জ্ঞান দৃঢ় কৰক আৰু পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰক।


*

Post a Comment (0)
Previous Post Next Post